১১ ছেপ্টেম্বৰ

১১ ছেপ্টেম্বৰ (ইংৰাজী11 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম (অধিবৰ্ষত ২৫৫তম) দিন। বছৰ শেষ হ'বলৈ ১১১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  1. ১৮৮৫ চনৰ আজিৰ দিনটোতে ঔপন্যাসিক, কবি গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম হয়।
  2. ১৮৯৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাৰতৰত্ন আচাৰ্য ‘‘বিনোৱা ভাৱে’’ৰ জন্ম হৈছিল৷
  1. ১৯৩৩ চনৰ আজিৰ দিনটোতে ইংৰাজ মিছনেৰী, বিশিষ্ট সমাজ সেৱিকা সংস্কাৰক এনি বেছান্তৰ মৃত্যু হয়।
  2. ১৯৪৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ মৃত্যু হয়৷
  1. ১৮৯৩ চনৰ আজি দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
  2. ১৯৭৮ চনত ইৰাণত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।
  3. ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।


Other Languages

Copyright