১৩ আগষ্ট

১৩ আগষ্ট (ইংৰাজী13 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম) দিন। বছৰ শেষ হ'বলৈ ১৪০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  1. ১৮৭২ চনৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯১৫ চনত।
  2. ১৮৮৮ চনৰ এই দিনটোতে টেলিভিছনৰ আৱিষ্কাৰক জন লোগী বেয়াৰ্ডৰ জন্ম হয়।
  3. ১৯১২ চনৰ এই দিনটোতে নোবেল বঁটা বিজয়ী মাৰ্কিন চিকিৎসক ছালডোভাৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হয়।
  4. ১৯১৮ চনৰ এই দিনটোতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হয়।
  5. ১৯২৭ চনৰ এই দিনটোতে কিউবাৰ বিপ্লৱী নেতা জননায়ক ফিডেল কাষ্ট্ৰোৰ জন্ম হয়।
  1. ১৮৯১ চনৰ এই দিনটোতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজে ফাঁচী দিয়ে।
  2. ১৯১০ চনৰ এই দিনটোতে ইংৰাজ শুশ্ৰূষাকাৰী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হয়৷
  3. ২০০০ চনৰ এই দিনটোতে প্ৰখ্যাত গায়িকা নাজিয়া তাছানৰ মৃত্যু হয়।
  4. ২০০৩ বৰ্ষৰ এই দিনটোতে যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল৷
  1. ১৯৫৬ চনৰ এই দিনটোতে লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
  2. ২০০৪ চনৰ এই দিনটোতে গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।


Other Languages

Copyright