১৪ ফেব্ৰুৱাৰী

১৪ ফেব্ৰুৱাৰী (ইংৰাজী14 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২০টা দিন (অধিবৰ্ষত ৩২১ দিন) বাকী থাকে।

এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা

  • ২০০৫ চনৰ আজিৰ দিনটোতে ভিডিঅ' বিতৰণৰ ৱেবছাইট ইউটিউব আৰম্ভ কৰা হৈছিল।
  • ১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰথম হোমিওপেথিক মেডিকেল কলেজ কলকাতাত স্থাপন কৰা হৈছিল।
  • ১৮৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম ভোটিং মেচিনৰ ব্যৱহাৰ কৰা হয়।
  • ১৯৪৬ চনত যুক্তৰাজ্যৰ কেন্দ্ৰীয় বেংক, বেংক অফ ইংলেণ্ডৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। চুইডেনৰ স্ভেৰিজেচ ৰিস্কবেংকৰ পিছত এইটোৱেই বিশ্বৰ দ্বিতীয় প্ৰাচীন কেন্দ্ৰীয় বেংক আৰু বিশ্বৰ ৮ম প্ৰাচীন বেংক।
  • ১৯২৯ চনৰ আজিৰ দিনটোতে বেক্টেৰিয়াবিদ ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ আবিষ্কাৰ বেক্টেৰিয়া নিমূৰ্লকাৰী যুগান্তকাৰী এণ্টিবায়োটিক পেনিচিলিন আবিষ্কাৰ কৰে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল ১৮৮১ চনৰ ৬ আগষ্টত। ১৯৫৫ চনৰ ১১ মাৰ্চত মৃত্যু। তেওঁক ১৯৪৫ চনত নোবেল বঁটা প্ৰদান কৰা হয়।
  • ২০০৩ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম ক্লোনিং ভেড়া ডলীক মাৰি পেলোৱা হয়। নানা ৰোগে আক্ৰমণ কৰাৰ বাবে বিজ্ঞানীসকলে ডলীক মাৰি পেলাবলৈ বাধ্য হয়। ১৯৯৬ চনৰ ৫ জুলাইত স্কটলেণ্ডৰ ৰোজালিন ইনষ্টিটিউটত ডলীৰ জন্ম হৈছিল। ডলীৰ জন্মৰ কথা লুকুৱাই ৰখা হৈছিল যদিও ১৯৯৭ চনৰ ২২ ফেব্ৰুৱাৰীত এই কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰা হয়।
  • ১৯৯০ – ভয়েজাৰ ১ মহাকাশযানে প্ৰথম পৃথিৱীৰ আলোকচিত্ৰ তোলে, যি পেল ব্লু ডট (Pale Blue Dot) নামেৰে প্ৰসিদ্ধ হয়।
  • ১৫৫৬ – আকবৰৰ ৰাজ অভিষেক কৰা হয়।
  • ১৪৮৩ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট বাবৰৰ জন্ম হৈছিল (মৃত্যু - ২৬ ডিচেম্বৰ ১৫৩০)।
  • ১৯৫২ চনৰ আজিৰ দিনটোতে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ জন্ম।
  • ১৯৩৩ চনৰ আজিৰ দিনটোতে সুন্দৰী অভিনেত্ৰী মধুবালা (মমতাজ জাহান দেহলভী)ৰ জন্ম (মৃত্যু ২৩ ফেব্ৰুৱাৰী ১৯৬৯)।

Other Languages

Copyright